অদায়বদ্ধতা

অসম শক্তি উৎপাদন নিগম লিমিটেডৰ আনুষ্ঠানিক ৱেবছাইট সাধাৰণ ৰাইজক এই প্রতিষ্ঠান সম্পর্কত প্রয়োজনীয় তথ্য আৰু বিচাৰ প্রকাশ কৰিবলৈহে বিকাশ কৰা হৈছে। এই ৱেবছাইটত প্রদর্শন কৰা তথ্য-পাতি আৰু নথিসমূহ কেৱল বিশেষ প্রসংগৰ ক্ষেত্রতহে প্রযোজ্য আৰু সেই তথ্য বা নথিপত্র কোনোপধ্যেই আইনী দস্তাৱেজ নহয়।

যদিহে এই ৱেবছাইটত প্রকাশিত কোনো তথ্যৰ সৈতে সম্পর্কিত আইন, নিয়ম, বিনিয়ম, নীতিৰ বিৱৰণ আদিৰ তথ্যৰ পার্থক্য দেখা যায়, তেন্তে পাছৰ তথ্যসমূহহে সত্য বুলি বিবেচিত হ'ব।

এই ৱেবছাইটে কেতিয়াও বাণিজ্যিক বিপণনৰ বাবে তথ্য সংগ্রহ নকৰে বা ব্যক্তিগত প্রফাইল সৃষ্টি নকৰে।

এই ৱেবছাইটত থকা কিছুমান লিংকৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে তৃতীয় পক্ষই চোৱা-চিতা কৰা ৱেবছাইটলৈ গৈ তাত থকা কিছুমান তথ্য জানিব পাৰিলেও সেই ৱেবছাইটসমূহৰ ওপৰত এ পি জি চি এল-ৰ কোনো নিয়ন্ত্রণ বা সংযোগো নাই। সেই ৱেবছাইটসমূহ এ পি জি চি এল-ৰ ৱেবছাইটৰ অন্তৰ্গত নহয় আৰু যেতিয়া ব্যৱহাৰকাৰীয়ে সেই লিংকত ক্লিক কৰে, তেওঁ এ পি জি চি এল-ৰ ৱেবছাইটৰ পৰা আঁতৰি যায় আৰু সেই বাহিৰা ৱেবছাইটৰ গোপনীয়তা আৰু সুৰক্ষা নীতিৰ ভিতৰত সোমাই পৰে।

তেনে বাহিৰা ৱেবছাইটলৈ গৈ আৰু তাত লেনদেন কৰাৰ ফলত যদি স্থানীয় বা আন্তর্জাতিক আইনৰ উলংঘন হয় অথবা প্রত্যক্ষভাবে বা পৰিস্থিতিগতভাবে ক্ষতি, লোকচান বা অপকাৰ হয় নাইবা কোনো বস্তু বা সেৱাৰ উপলব্ধতাৰ ক্ষেত্রত খেলিমেলি হয়, তেন্তে এ পি জি চি এল-য়ে তাৰ কোনো দায়িত্ব নলয়। সেইবোৰ প্রসংগত এ পি জি চি এল-য়ে সমর্থন লগতে কোনো ৰায়/ মতামত বা ৱাৰান্টি (Warranty) নিদিয়ে।