অসম শক্তি উৎপাদন নিগম লিমিটেডৰ (এ পি জি চি এল) ৱেবছাইটৰ বিভিন্ন পেজত ব্যৱহাৰকাৰীয়ে আন ৱেবছাইট /পর্টেলৰ সৈতে লিংক দেখা পাব পাৰে। সেই লিংকবোৰ ব্যৱহাৰকাৰীৰ সুবিধাৰ কাৰণে ৰখা হৈছে। যিহেতু সেই লিংকৰ যোগেদি চাব পৰা ৱেবছাইট / পর্টেলবোৰ তৃতীয় পক্ষই চোৱা-চিতা কৰে, সেয়ে সেইবোৰৰ তথ্য-পাতিৰ বিশ্বাসযোগ্যতাৰ ক্ষেত্রত অসম শক্তি উৎপাদন নিগম লিমিটেডে কোনো দায়িত্ব নলয় আৰু সেইবোৰ ৱেবছাইটত প্রকাশ কৰা মত বা দৃষ্টিভংগী এ পি জি চি এল-য়ে সমর্থন নকৰিবও পাৰে। এ পি জি চি এল-ৰ ৱেবছাইটত এইবোৰ লিংকৰ তালিকা বা অৱস্থিতিৰ বাবে এ পি জি চি এল-য়ে সেই লিংকবোৰৰ যোগেদি পাব পৰা ৱেবছাইটৰ মত সমর্থন নকৰে। যিহেতু এনে লিংকৰ ৱেবছাইটৰ ওপৰত এ পি জি চি এল-ৰ কোনো নিয়ন্ত্রণ নাই, সেয়ে এ পি জি চি এল-য়ে এই কথাৰ নিশ্চিতি দিব নোৱাৰে যে এই লিংক, অর্থাৎ ৱেবছাইটবোৰ সকলো সময়তে সক্রিয় হৈ থাকিব। যদি কোনোবাই উল্লেখিত লিংক 'ডেড' (dead) বা 'বিচ্ছেদিত' (broken) হৈ আছে বুলি অৱগত হয় আৰু এ পি জি চি এল-ক জনায়, তেন্তে সেয়া আমাৰ বাবে বৰ সহায়ক হ'ব আৰু এই প্রতিষ্ঠানে উপযুক্ত ব্যৱস্থা গ্রহণ কৰিব পাৰিব।
এ পি জি চি এল-ৰ ৱেবছাইটত উপলব্ধ কোনো তথ্যৰ লগত আন ৱেবছাইটে যদি প্রত্যক্ষ লিংক স্থাপন কৰে, তেন্তে তাত অসম শক্তি উৎপাদন নিগম লিমিটেডৰ কোনো আপত্তি নাই আৰু তাৰ বাবে তেওঁলোকে আগতীয়া অনুমতি লোৱাৰো প্রয়োজন নাই। অৱশ্যে তেওঁলোকে এ পি জি চি এল-ক এনে লিংক স্থাপন কৰাৰ কথা জনাব লাগিব, যাতে এ পি জি চি এল-য়ে নিজৰ ৱেবছাইটত কিবা সালসলনি হ'লে প্রয়োজনীয় তথ্য আপল'ড কৰিব পাৰে। লক্ষণীয় যে, এ পি জি চি এল-য়ে ইয়াৰ ৱেবছাইটৰ পেজসমূহ আন ৱেবছাইটৰ ফ্রেমত প্রত্যক্ষভাবে ল'ড কৰিবলৈ অনুমতি নিদিয়ে। এ পি জি চি এল-ৰ ৱেবছাইটৰ পেজ / পেজসমূহ ব্যৱহাৰকাৰীৰ নতুন ব্রাউজাৰ উইণ্ড'ত ল'ড হ'ব লাগিব আৰু সেয়া স্বয়ংক্রিয়ভাবে হ'ব লাগিব।
কপিৰাইট @ . © সকলো অধিকাৰ সংৰক্ষিত। অসম শক্তি উৎপাদন নিগম লিমিটেড। | CIN: U40101AS2003SGC007239 | GST No.:18AAFCA4891F1ZJ